আই এ এছ পৰীক্ষাৰ্থীলৈ ভাল খবৰ

নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ্থী সকলৰ বাবে স্কলাৰশ্বিপ ঘোষণা কৰিছে।আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত এই কথা ঘোষণা কৰি সমন্বয়ক মিনাক্ষী শইকীয়াই কয় যে অহা ২৭ এপ্ৰিল, ৩ আৰু ৪মে’ত স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব।যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ প্ৰথম ১০০ জন ছাত্ৰ ছাত্ৰীয়ে আই এ এছৰ বিনামূলীয়া কছিং কৰাৰ সুযোগ লাভ কৰিব ।উল্লেখযোগ্য যে বিগত দুটা বৰ্ষ ধৰি নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

Comments (0)
Add Comment