আকৰ্ষণীয় ভেলাঘৰে জাজৰিত ভোগালীক আদৰাৰ প্ৰস্তুতি

মাঘ বিহু মানে ভোগৰ বিহু। গ্ৰাম্য জীৱনৰ অন্যতম আনন্দৰ উৎসৱ ভোগালী বিহু। কৃষক ৰাইজৰ কপালৰ ঘাম মাটিত পেলাই , বতাহ,ধুমুহা,বৰষুণকো নেওচি ভড়ালত সোনগোটি সামৰাৰ অন্তত ভোগালী যেন কৃষকৰ আনন্দ উল্লাসৰ অন্যতম উৎসৱত পৰিণত হয়। গাঁৱৰ সকলো বুঢ়া-মেথা, ডেকা লগ লাগি পথাৰৰ সুবিধাজনক ঠাইত নৰাৰে সাজে ভেলা ঘৰ আৰু মেজি। ৰাজহুৱা পুখুৰীত সকলোৱে মিলি আনন্দেৰে মাছ ধৰি উৰুকাৰ নিশা মাছে-মঙহে খোৱাৰ যি আনন্দ সেয়া সচাকৈয়ে অসমৰ বিৰল সংস্কৃতি বুলি ক’ব পাৰি। আজি কালি আধুনিক সমাজ ব্যৱস্থাই ইয়াক অন্য এক কৃষ্টিলৈও আগবঢ়াই নিছে। যেনে বিভিন্ন ঠাইত ভিন্ন আকৰ্ষণীয় আকৃতিৰ ভেলাঘৰ নিৰ্মাণে মাঘ বিহুৰ উন্মাদনা বাৰুকৈয়ে বঢ়াই তুলিছে। তেনে এক ভেলাঘৰৰ কথাই জনাব বিছাৰিছো। নগাঁও জিলাৰ জাজৰি শিমলুতলত স্থানীয় ৰাইজ আৰু যুৱক সকলৰ প্ৰায় একমাহ যোৰা প্ৰচেষ্টাত সাজি উলিয়াইছে আকৰ্ষণীয় ভেলা ঘৰৰ লগতে অসমীয়া জাতীয় জীৱনৰ লগত সমন্ধথকা সংস্কৃতিৰ আৰ্হি। শিমলুতলৰ স্থানীয় লোকে জনোৱা মতে মূল ভেলাঘৰটি গুৰুজনাৰ অন্যতম কৃষ্টি মণিকূট আৰু নামঘৰৰ আহিত নিৰ্মাণ কৰাৰ লগতে মহাভাৰতৰ যুদ্ধত ভগৱান কৃষ্ণ আৰু অৰ্জ্জুনে ব্যৱহাৰ কৰা কপিধ্বজ ৰথৰ আৰ্হিয়ে সকলোকে মূহিত কৰিছে। অন্যহাতে মূল প্ৰবেশ পথত দুটা প্ৰকাণ্ড মহৰ শিঙৰ পেপাৰ অৰ্হিত তোৰণ আৰু মিচিং জনজাতীৰ চাংঘৰেও আকৰ্ষণ দুগুনে বৃদ্ধি কৰিছে। উদ্যোক্তা সকলে জনোৱা মতে ১৪ জানুৱাৰীত উৰুকাৰ নিশা সকলো ৰাইজ মিলি ভোজ ভাত খোৱাৰ পিছত বিহুৰ দিনা পুৱা পৰম্পৰাগত নিয়মেৰে মেজি জ্বলোৱা হ’ব। তাৰ পিছত নিৰ্মিত বিশাল আৰ্হি কীৰ্তনগৃহত ১৭ জানুৱাৰীৰ পৰা ৭ দিন শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠিত হব।খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে.. 

Comments (0)
Add Comment