আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ দৌৰত অংশগ্ৰহণ কৰিব মণিষা গগৈয়ে

টীয়ক হাঁহচৰা কোঁৱৰ গাঁৱৰ মণিষা গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায় প্ৰতিযোগিতাত ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে।
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ ত অহা ৪ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পান আমেৰিকান মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ৩৫ বছৰীয়া এই মহিলা গৰাকীয়ে৷
উল্লেখযোগ্য যে  ৫ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত মণিষা গগৈয়ে তৃতীয় স্থান লাভ কৰি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত যোগদানৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment