আশা কৰ্মীসকলক সম্বৰ্দ্ধনা জনালে টীয়কত

সমগ্ৰ দেশজুৰি চলি আছে ক’ভিড ১৯ৰ বিৰূদ্ধে এক শক্তিশালী যুঁজ। এই যুজত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ আশা কৰ্মী সকলেও। আশা কৰ্মী সকলৰ এই কামৰ প্ৰতি সন্মান জনাই আজি টীয়কৰ ৯নং বলমা গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱাৰ উদ্যোগত তথা সকলো কৰ্মকৰ্তাৰ সহযোগত ইয়াৰ অধীনস্থ ১৩ গৰাকীকৈ আশা কৰ্মীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।
 
 
সমান্তৰালভাৱে চলিত বৰ্ষৰ ৯নং বলমা গাঁও পঞ্চায়তৰ অধীনস্থ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হোৱা মুঠ ৭৬গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। টীয়কৰ বেন গাৰ্ডেন স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠ্ত হোৱা এই অনুষ্ঠানত শিক্ষাবিদ ভুৱন বৰুৱা, বিপিন ওজা, হিমেন ভট্টাচাৰ্য, কলিয়াপানী মণ্ডল বিজেপিৰ সম্পাদক অভিজিত বৰুৱা, কবিতা হাতীবৰুৱা,পঞ্চায়ত সচিব অলিমাই বৰা, আঞ্চলিক সদস্য নিৰ্মলা ৰাজোৱাৰকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Comments (0)
Add Comment