উদ্ভাৱন আৰু ফেশ্বন জগতৰ দুটা খবৰে

প্ৰাকৃতিকভাবে পোৱা শক্তিৰ জৰিয়তেও বিভিন্ন সামগ্ৰী উদ্ভাৱন কৰিব পৰা যায়। অভাৱেই আৱিস্কাৰৰ মূল এই কথাষাৰ যেন কিছু পুৰণি হৈ পৰিছে। কাৰণ আজিকালি প্ৰযুক্তিবিদ্যাৰ লগতে মানুহৰ ধাৰণা বোৰ বেলেগ হৈ পৰিছে। আজি আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা “উদ্ভাৱনী উৎসৱৰ” সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে এই মন্তব্য কৰে। উল্লেখযোগ্য যে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা উদ্ভাৱনী উৎসৱত বিভিন্ন উদ্ভাৱক সকলে অংশগ্ৰহণ কৰে। আৰু তেখেত সকলক মানপত্ৰ আৰু স্মাৰক সামৰণি অনুষ্ঠানত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰদান কৰে। ২০১৫ চনৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰই নপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে। সামৰণি অনুষ্ঠানত দীননাথ পাণ্ডে বঁটা প্ৰদান কৰে দৰঙৰ উদ্ভাৱক কৰুণাকান্ত নাথক। স্মৰ্তব্য যে কৰুনাকান্ত নাথে ৬টাতকৈ অধিক সামগ্ৰী উদ্ভাৱন কৰি সমাজলৈ বৰঙণি যোগাইছে।

আনহাতে ফেশ্বন জগতত সমাহাৰ ঘটিছে সংঘমিত্ৰা নামৰ এক বেণ্ডৰ। আজি মহানগৰীৰ তাজ ভিভাণ্টাত আয়োজন কৰা এক সংবাদমেলত সংঘমিত্ৰা বেণ্ডৰ স্বত্বাধিকাৰী অভিনেতা বিজু ফুকনৰ জীয়ৰী সংঘমিত্ৰা ফুকনে কয় যে অসমৰ এৰি, মুগা, পাট কাপোৰক বৰ্তমান সময়ত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰাকে কিছু ডিজাইন প্ৰস্তুুত কৰিছো ৷যাৰ জৰিয়তে গ্ৰাহকে কম মূল্যত ফেশ্বনৰ কাপোৰ ক্ৰয় কৰাৰ সুবিধা পাব। জানিব পৰা মতে www.sanghamitraphukan.com চাইটৰ জৰিয়তে গ্ৰাহকে কাপোৰ অৰ্ডাৰ দিব পাৰিব। উল্লেখযোগ্য যে ইতিপূৰ্বে সংঘমিত্ৰাই লণ্ডনৰ ফেশ্বন জগতত জৰিত হৈ আছে। সংবাদমেল খনত ৰাজশ্ৰী ফুকন আৰু মিচ ইণ্ডিয়া খিতাপ বিজয়ী প্ৰিয়দৰ্শনী চেটাৰ্জী উপস্থিত থাকে।

Comments (0)
Add Comment