উৰিষ্যাৰ পৰা ৩২গৰাকী তীৰ্থযাত্ৰী নিৰাপদে পালেহি

ফনিৰ প্ৰভাৱত উৰিষ্যাত আৱদ্ধ হৈ থকা ৰাজ্যখনৰ তীৰ্থযাত্ৰী তথা পৰ্যটকসকলক তৎকালে অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ উৰ্দ্ধত কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰেলৱে কৰ্তৃপক্ষৰ সৈতে লোৱা উদ্যোগৰ ফলশ্ৰুতিত আজি  কামৰূপ এক্স’প্ৰেছ যোগে ৩২গৰাকী তীৰ্থযাত্ৰীক ওভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সহযোগত ৩৪গৰাকী তীৰ্থযাত্ৰী আৰু পৰ্যটকক অসমলৈ ৰেল যোগে ওভতাই আনিছে।

Comments (0)
Add Comment