ফনিৰ প্ৰভাৱত উৰিষ্যাত আৱদ্ধ হৈ থকা ৰাজ্যখনৰ তীৰ্থযাত্ৰী তথা পৰ্যটকসকলক তৎকালে অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ উৰ্দ্ধত কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰেলৱে কৰ্তৃপক্ষৰ সৈতে লোৱা উদ্যোগৰ ফলশ্ৰুতিত আজি কামৰূপ এক্স’প্ৰেছ যোগে ৩২গৰাকী তীৰ্থযাত্ৰীক ওভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সহযোগত ৩৪গৰাকী তীৰ্থযাত্ৰী আৰু পৰ্যটকক অসমলৈ ৰেল যোগে ওভতাই আনিছে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন