এন আৰ এল আৰু কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত চুক্তি স্বাক্ষৰিত

বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নিৰ্মাণ কৰিবলগীয়া ৰেডিঅ’থেৰাপী ব্ল’কটোত কেঞ্চাৰ চিকিৎসাত ব্যৱহৃত হোৱা যন্ত্ৰপাতিৰে সমৃদ্ধ কৰাৰ অৰ্থে যোৱা সপ্তাহত নুমলীগড় শোধনাগাৰ লিমিটেড আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত এক চুক্তি হয়।এই প্ৰকল্পৰ মুঠ ব্যয় ১৬.৩৮ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।উল্লেখযোগ্য যে এন আৰ এলে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত জনস্বাস্থ্য বিকাশৰ ক্ষেত্রত এই সহযোগ আগবঢ়াইছে।এই চুক্তিত এন আৰ এলৰ মুখ্য প্ৰৱন্ধক দেবাশীষ চৌধুৰী আৰু এ চি চি এফৰ প্ৰকল্প সঞ্চালক গৌতম চিণ্টেয়ে দুয়োটা প্ৰতিষ্ঠানৰ বিষয়াসকলৰ উপস্থিতিত নুমলীগড়ত স্বাক্ষৰ কৰে।উল্লেখ্য এই চুক্তিৰ দ্বাৰা কেঞ্চাৰ চিকিৎসাত প্ৰয়োগ হোৱা যন্ত্র পাতি যেনে এছ আৰ এছৰ অবিহনে এল আই এন এ চি-চি-ট্ৰু বীম,এইচ ডি আৰ ব্ৰেচীথেৰাপী,ড’ছিমেট্ৰী আৰু ইম্মোবিলাইজেশ্বন ইউনিট আৰু চি টি ছিমুলেট’ৰ ক্ৰয় কৰিবৰ বাবে এ চি চি এফক এন আৰ এলে সহায় কৰিব।বৰ্তমানে এন আৰ এলে আকাংক্ষিত জিলাত বিদ্যালয় শিক্ষা,স্বাস্থ্য আৰু পুষ্টি আদিৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিবেশ কৰি কোম্পানীটোৰ চি এছ আৰ ক্ৰিয়াকলাপৰ ধন ব্যয় কৰাৰ ওপৰত জোৰ দিয়ে।

Comments (0)
Add Comment