বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নিৰ্মাণ কৰিবলগীয়া ৰেডিঅ’থেৰাপী ব্ল’কটোত কেঞ্চাৰ চিকিৎসাত ব্যৱহৃত হোৱা যন্ত্ৰপাতিৰে সমৃদ্ধ কৰাৰ অৰ্থে যোৱা সপ্তাহত নুমলীগড় শোধনাগাৰ লিমিটেড আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত এক চুক্তি হয়।এই প্ৰকল্পৰ মুঠ ব্যয় ১৬.৩৮ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।উল্লেখযোগ্য যে এন আৰ এলে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত জনস্বাস্থ্য বিকাশৰ ক্ষেত্রত এই সহযোগ আগবঢ়াইছে।এই চুক্তিত এন আৰ এলৰ মুখ্য প্ৰৱন্ধক দেবাশীষ চৌধুৰী আৰু এ চি চি এফৰ প্ৰকল্প সঞ্চালক গৌতম চিণ্টেয়ে দুয়োটা প্ৰতিষ্ঠানৰ বিষয়াসকলৰ উপস্থিতিত নুমলীগড়ত স্বাক্ষৰ কৰে।উল্লেখ্য এই চুক্তিৰ দ্বাৰা কেঞ্চাৰ চিকিৎসাত প্ৰয়োগ হোৱা যন্ত্র পাতি যেনে এছ আৰ এছৰ অবিহনে এল আই এন এ চি-চি-ট্ৰু বীম,এইচ ডি আৰ ব্ৰেচীথেৰাপী,ড’ছিমেট্ৰী আৰু ইম্মোবিলাইজেশ্বন ইউনিট আৰু চি টি ছিমুলেট’ৰ ক্ৰয় কৰিবৰ বাবে এ চি চি এফক এন আৰ এলে সহায় কৰিব।বৰ্তমানে এন আৰ এলে আকাংক্ষিত জিলাত বিদ্যালয় শিক্ষা,স্বাস্থ্য আৰু পুষ্টি আদিৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিবেশ কৰি কোম্পানীটোৰ চি এছ আৰ ক্ৰিয়াকলাপৰ ধন ব্যয় কৰাৰ ওপৰত জোৰ দিয়ে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী