ক’ভিড-১৯ বিধবা সাহাৰ্য্য আঁচনিৰ জৰিয়তে নিম্ন আয়ৰ পৰিয়ালৰ বিধবা মহিলাক আৰ্থিক নিৰাপত্তা প্ৰদানৰ বাবে প্ৰয়াস কৰা হৈছে-মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত ক’ভিডত স্বামীহাৰা মহিলাৰ সামাজিক আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ক’ভিড-১৯ বিধৱা সাহাৰ্য্য আচঁনিখনৰ শুভ উদ্বোধন কৰে।এই আঁচনিৰ অধীনত যিসকল মহিলাৰ স্বামী ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ পৰা তেনে প্ৰতিগৰাকী বিধবা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হ’ব।উল্লেখযোগ্য যে ক’ভিড পজিটিভ হৈ মৃত্যুবৰণ কৰা লোকৰ পত্নীকহে এই আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে সামৰি লোৱা হ’ব আৰু হিতাধিকাৰীৰ বছেৰেকীয়া আয় ৫ লাখ টকাতকৈ কম হ’ব লাগিব।আঁচনিখন শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে আজি কামৰূপ ,নলবাৰী,দৰং,বাক্সা, মৰিগাঁও, নগাঁও,গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ১৭৬ গৰাকী হিতাধিকাৰীক ২.৫০ লাখ টকাৰ একোখনকৈ চেক প্ৰদান কৰে।এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ৮৮৩ গৰাকী হিতাধিকাৰী বাছনি কৰা হৈছে আৰু বাকী থকা হিতাধিকাৰীসকলক প্ৰদানৰ উদ্দেশ্যে ৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীৰ হাতত অৱশিষ্ট চেক সমূহ অৰ্পণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ক’ভিড মহামাৰী প্ৰতিৰোধ কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সক্ৰিয় তত্বাৱধানত সময়োচিত পদক্ষেপ আৰু দ্ৰুত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি ৰাজ্য খনৰ মহামাৰী সংক্ৰমণ যথেষ্ট নিয়ন্ত্ৰণ কৰিব পৰা গৈছে যদিও এই মহামাৰী কবলৰ পৰা ৰাজ্য খনক মুক্ত কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে নিৰলসভাৱে প্ৰয়াস ৰাখিছে।
অনুষ্ঠানত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমাৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,পৰিমল শুক্লবৈদ্য,ইউ জি ব্ৰক্ষ্ম,অতুল বৰা,পীয়ুষ হাজৰিকা,ডাঃ ৰনোজ পেগু,মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,মুখ্যমন্ত্ৰী প্ৰধান সচিব সমীৰ কুমাৰ সিনহাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Comments (0)
Add Comment