কমিউনিটী হেলথ মিছনৰ বিত্তীয় স্বাস্থ্যসেৱা কাৰ্য্যসূচী অনুষ্ঠিত

কমিউনিটি হেলথ মিছনৰ উদ্যোগত লুইত হাস্পতালৰ সহযোগত স্বাস্থ্য সেৱাৰ বিভিন্ন কাৰ্য্যসূচীৰ অভিযান  উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ’ব।আজি তাজ ভিভান্টাত অনুষ্ঠিত কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দি কমিউনিটী হেলথ মিছনৰ সঞ্চালক ডাক্তৰ তৰংগ ভাটিয়াই কয় যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৫০খন চহৰত চিকিৎসা সেৱা কেন্দ্ৰ,অ’পিডি আৰু ফাৰ্মাচী মুকলি কৰিছে।নতুনকৈ স্থাপিত হোৱা নিৰোগ ভাৰত কেন্দ্ৰ সমূহে জিলা স্বাস্থ্য প্ৰাধিকৰণ আৰু প্ৰাধিকৰণ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনি তথা কাৰ্য্যসূচীসমূহৰ সৈতে সংগতি ৰাখি নিয়মীয়া স্বাস্থ্য শিবিৰ আৰু এম্বুলেণ্স সেৱা সুবিধা উপলব্ধ হ’ব।বিশেষকৈ মহিলা সকলৰ স্বাস্থ্য আৰু নীতিৰ প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।আজিৰ সংবাদ মেল খনত লুইত হাস্পতালৰ সঞ্চালক ডক্তৰ আশীষ মালাকাৰ,শিখা মঞ্জুল,মহেশ কুলকাৰ্ণিকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment