কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আই চি এ আৰ প্রতিষ্ঠা দিৱস উদযাপন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আৰু মুৰব্বী ড° ধীৰেন কলিতাৰ সহযোগত ক’ভিডৰ নিয়ম মানি আই চি এ আৰ প্রতিষ্ঠা দিৱস আজি অনুষ্ঠিত হয়। এই উপলক্ষে মোৰ গাঁও মোৰ গৌৰৱ ‘কড়ৰা গড়ভিতৰ’ আৰু পশ্চিম বড়িগোগ ‘বালিসত্ৰ’ হাইস্কুলত ৩০ জনৰো অধিক কৃষক আৰু যুৱকৰ মাজত বৃক্ষ ৰোপণ, নেমুপুলি বিতৰণ, উদ্যান শস্যৰ ৰোপণ পদ্ধতি প্রদৰ্শন আৰু জল শক্তি অভিযানৰ সজাগতা উদ্যান শস্য বিশেষজ্ঞা দৰদী প্রিয়ম দুৱৰাই আগবঢ়ায়।এই অনুষ্ঠানত গাঁও পঞ্চায়ত সভাপতি দুলু ভূঞাই বৃক্ষ ৰোপণত অংশ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত পথাৰ শস্য বিশেষজ্ঞা ৰিজৱানুল হেলিমে পথাৰ শস্যত জল সংৰক্ষণ বিষয়ে উল্লেখ কৰে।

Comments (0)
Add Comment