কৃতি ছাত্ৰ আখটাৰুলৰ দায়িত্ব ল’লে তবিবৰ ৰহমানে

কামৰূপ জিলা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শিলভড়ালত আজি সমাজকৰ্মী তথা বিজেপি, সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবৰ ৰহমানে দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ আখটাৰুল আলীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । জানিব পৰা মতে ৰহমানে ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ আগন্তুক শিক্ষাবৰ্ষৰ অধ্যয়নৰ খৰছ সম্পূৰ্ণ দায়িত্ব বহন কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে । ছাত্ৰজনে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৯০ শতাংশ নম্বৰেৰে ডিষ্টিংশ্বন সহঃ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । আখটাৰুল আলীয়ে লাভ কৰা নম্বৰ সমূহ হল অসমীয়াত ৮৭ , ইংৰাজীত ৯২ নৃতত্ব ৮৯ ৰাজনীতি বিজ্ঞানত,শিক্ষাত ৯৫ ভূগোলত ৮৫ । ছাত্ৰজনৰ এনে সফলতাত অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে ৰহমানক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Comments (0)
Add Comment