কৃষক দিৱস উদযাপন

গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল হ’লেহে ৰাজ্যৰ অৰ্থনীতি ভেটি সবল হ’ব। এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত উদযাপিত কৃষক দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। উল্লেখযোগ্য যে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত পল্টীকো অৰ্ডিনেচন কমিটি অসমৰ সহযোগত কৃষক দিৱস উদযাপিত হয়। অসমত প্ৰথম বাৰৰ বাবে উদযাপিত এই দিৱসত ৪০ গৰাকী বিশিষ্ট উদ্যমী তথা কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে। স্মৰ্তব্য যে পশুধন পালন এটা পৰম্পৰাগত বৃত্তি যদিও পূৰ্বৰ তুলনাত এই বৃত্তিত নিয়োজিত লোকৰ সংখ্যা হ্ৰাস পাইছে। উত্তৰ পূৰ্বৰ ভিতৰত সৰ্বাধিক হাৰত পশুধন পালন অসমত হয়। পশুধন পালনৰ অধিক ৰূপত কৰিব লাগিলে কেঁচা মালৰ উৎপাদন বঢ়াব লাগিব, বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব লাগিব। এইয়া আছিল আজিৰ উদযাপিত কৃষক দিৱসৰ কিছু ইতিবাচক কথা। এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰিব www.nefocus.com

Comments (0)
Add Comment