খেলো ইণ্ডিয়াৰ থীম চং শুনিলেনে

কা’ৰ প্ৰতিবাদৰ পিছত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে খেলো ইণ্ডিয়াৰ এক থীম চঙত।ইতিমধ্যে থীম চংটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।গীতটোৰ জৰিয়তে শিল্পীগৰাকীয়ে খেলুৱৈ সকলক যথেষ্ট উৎসাহেৰে খেলাৰ বাবে অনুপ্ৰেৰণা যোগাইছে।নিজৰ ওপৰত বিশ্বাস ৰাখি খেলৰ জৰিয়তে বিশ্ববাসীৰ আগত দেশৰ নাম উজলাই তুলিবলৈ আহ্বান জনাইছে ।উল্লেখযোগ্য যে অহা জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ খেলো ইণ্ডিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ।ইতিপূৰ্বেও দুবাৰকৈ গুৱাহাটীত খেলো ইণ্ডিয়াৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল।

Comments (0)
Add Comment