গোলাঘাটত লোক কলা কৰ্মশালা অনুষ্ঠিত

গোলাঘাট ফণীধৰ বৰদলৈ হাইস্কুলৰ সৌজন্যত কালিৰে পৰা তিনি দিনীয়াকৈ লোক কলাৰ এক কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানটোত সঞ্চালনা কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিবেকানন্দ শৰ্মাই।ৰূপজ্যোতি ফুকন আৰু ৰূপামুদ্ৰা ভট্টাচাৰ্যই আঁত ধৰা সভাখনি সমল ব্যক্তি লোককৃষ্টি সাধক ৰুমী শইকীয়া আৰু প্ৰসিদ্ধ ঢুলীয়া শিল্পী তুখেশ্বৰ বৰাক কৰ্মশালা আয়োজক সমিতিয়ে গামোচাৰ সম্বৰ্ধনা জনায়।কৰ্মশালা বিশদ বিৱৰণ আৰু লক্ষ্য উদ্দেশ্য বিষয়ে অৱগত কৰে প্ৰশিক্ষক শিক্ষয়েত্ৰী কেৰীমা চুলতানাই। বিদ্যালয় প্ৰধান শিক্ষক উজ্জ্বল বৰুৱাকে ধৰি শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থকা অনুষ্ঠানত প্ৰত্যেক গৰাকী সমল ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

Comments (0)
Add Comment