চতিয়া সমষ্টিৰ অন্তৰ্গত ডিপলোঙাত চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিৱিৰ পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ

চতিয়া সমষ্টিৰ অন্তৰ্গত ডিপলোঙাৰ সামুহিক চাহ মঞ্চত আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ লগত সংগতি ৰাখি বি জে পিৰ চাহ জনগোষ্ঠী মৰ্চা আৰু অনুসুচিত জাতি মৰ্চাৰ উদ্যোগত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয় ৷ বিশেষজ্ঞ চিকিৎসক সকলৰ দ্বাৰা অনুষ্ঠিত কৰা এই চিকিৎসা শিৱিৰটো আনুষ্ঠানিক ভাৱে পূৱা শুভ উদ্ধোধন কৰে নাগশংকৰ চাহ মৰ্চাৰ সভাপতি পদুম কুৰ্মীয়ে । চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শিৱিৰটো পৰিদৰ্শন কৰি বিধায়ক পদ্ম হাজৰিকাই কয়- এনে ধৰণৰ চিকিৎসা ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলৰ দুখীয়া নিচলা ৰাইজ উপকৃত হ’ব ৷ বিজেপিৰ চাহকোষে যি ব্যৱস্থা হাতত লৈছে সেয়া প্ৰশংসনীয় ৷ বিনামূলীয়া চিকিৎসা শিৱিৰত অংশ লোৱা সকলো চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ উক্ত শিৱিৰ অনুষ্ঠানত বিধায়কগৰাকীৰ লগত সংগ দিয়ে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, পৌৰপতি দ্বিপশিখা সন্দিকৈ, চতিয়া ৩নং গাঁও পঞ্চায়তৰ সভাপতি উদয়শংকৰ শইকীয়া, দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাৰ লগতে ৱাৰ্ডৰ সদস্যসকল।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment