চীনৰ সৈতে মিত্ৰতা কৰি নেপালে পৰিণাম ভূগিছে নেকি

ভাৰত চীনৰ বিবাদৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে নেপালৰ লগত ভাৰতৰ সংঘাত। শেহতীয়াভাৱে নেপালে প্ৰকাশ কৰা মানচিত্ৰই ভাৰতৰ অন্তৰ্ভাগত খলকনিৰ সৃষ্টি কৰিছে। নেপালে চীনৰ লগত হাত মিলাইছে। কিয়নো চীনে নেপালক আৰ্থিক ব্যৱস্থা তথা বাণিজ্যিক ক্ষেত্ৰৰ জৰিয়তে সকাহ যোগোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
 
 
 
 
 
 
চীনে নেপালত পথ, হাইৱে, মল, চিকিৎসালয় নিৰ্মাণ কৰিছে। আনহাতে নেপালৰ ১১খন নদীৰ ভৌগোলিক গতিপথ সলনি কৰি দিছে। এক বিশেষ তথ্য অনুসৰি নেপালৰ ৩৬হেক্টৰ মাটি চীনৰ লগত সংযোজিত হৈছে।
 
 
চীন আৰু ভাৰতৰ মিডিয়াত প্ৰকাশিত তথ্য অনুসৰি নেপালৰ বহু গাঁও চীনৰ লগত চামিল হৈছে। হিন্দী ভাষাক নিষিদ্ধকৰণৰ সম্পৰ্কেও নেপালত কুচকাৱাজ চলিছে। কাঠমাণ্ডুৰ পৰা  পোৱা এক তথ্য অনুসৰি ভাৰতৰ পৰা ৰপ্তানি হোৱা কৃষিজাত সা সজুলি, উদ্যোগজাত সা সামগ্ৰী সমূহ ৰপ্তানি বন্ধ হোৱাৰ বাবে নেপালত নাটনিয়ে দেখা দিছে।
 
 
 
 
বিশেষকৈ চাহ, মছলা, তেল আৰু নিমখ আদিৰ বাবে নেপালৰ জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে বহু বিশেষজ্ঞই প্ৰকাশ কৰা মতে নেপাল তিব্বতৰ অংশ হ’বলৈ আৰু বেছিদিন নাই। নেপাল আৰু ভাৰতৰ সংঘাত দ্ৰুতগতিত আগ নাবাঢ়িলেও পৰ্যায়ক্ৰমে মতভেদ বৃদ্ধি পোৱা দেখা গৈছে।

Comments (0)
Add Comment