ছবিগৃহত আজি কানীনৰ শুভমুক্তি

ছবিগৃহত আজি মুক্তি লাভ কৰিব কানীন শীৰ্ষক ছবিখনে।সমসাময়িক মনস্পৰ্শী বহু বিষয়, মন্দিৰা দেৱী নামৰ নাৰী এগৰাকীৰ মনোজগতৰ ঘটনাপ্ৰবাহ কানীন ছবিখনৰ মূল উপজীব্য ।২ঘণ্টা ১৫ মিনিটৰ ছবিখন পৰিচালনা কৰিছে ঘনশ্যাম কলিতা আৰু ৰৌণাতো হুছেইনে।তেজপুৰ, মালিগাও,বেলতলা,পাণ্ডুত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে ডক্টৰ জাহানাৰা বেগমে।উল্লেখযোগ্য যে কানীন ছবিখনে গুৱাহাটী আন্তঃজাৰ্তিক মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।কানীন অভিনয় কৰিছে পূৰ্ণিমা শইকীয়া পাঠক, মিণ্টু বাহাৰুল ইছলাম, , পাৰ্থ হাজৰিকা আৰু বহুতো অভিনয় শিল্পীয়ে।ছবিখনত ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে,ৰেকৰ্ড মিক্সিং কৰিছে দেৱজিৎ চাংমাই আৰু সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই।

Comments (0)
Add Comment