ছাৰ্জিকেল ষ্টাইক দিৱস পালন

দেশৰ আন আন ৰাজ্যৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত আজি ফনীধৰ দত্ত সভাগৃহত ভাৰতীয় সেনাৰ বীৰত্ব, ত্যাগ, সাহসৰ গৌৰৱময় প্ৰতীক স্বৰূপ ছাৰ্জিকেল ষ্টাইক দিৱস পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° সুৰেশ কুমাৰ নাথে। আৰম্ভণি অনুষ্ঠানত তেখেতে ছাৰ্জিকেল ষ্টাইকক ভাৰতীয় সেনাৰ এক গৌৰৱময় গাঁথা বুলি অভিহিত কৰে। আনহাতে অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰবীন দাসে ভাষণ প্ৰসংগত ছাৰ্জিকেল ষ্টাইকৰ প্ৰাসংগিকতা বাখ্যা কৰি কয় যে দুবছৰৰ পূৰ্বে ভাৰতীয় সেনাই লাইন অৱ কন্টল অতিক্ৰম কৰি পাক্ অধিকৃত কাশ্মীৰৰ ভিতৰলৈ গৈ অভিযান চলাই উগ্ৰপন্থী ঘাটি ধংস কৰিলে, সেয়া বিশ্বৰ সামৰিক অভিযানৰ বাবে এক বিৰল ঘটনা। অতি সৰ্তকতা, নিখুততা, পৰিকল্পনাৰে অভিযান চলাই ভাৰতীয় সেনা সফল হৈছিল। এই অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰী, শিক্ষক, গৱেষক, এন এছ এছৰ কাৰ্যকৰী বিষয়া, স্বেচ্ছাসেৱক উপস্থিত থাকে।

Comments (0)
Add Comment