জৈৱিক ক্ষয় ক্ষমতাসম্পন্ন প্লাষ্টিকৰ বিকশীকৰণৰ বাবে এন আৰ এলৰ পদক্ষেপ

তেল আৰু জৈৱ শোধনাগাৰ ক্ষেত্ৰৰ পৰা জৈৱিক ক্ষয় ক্ষমতাসম্পন্ন প্লাষ্টিকৰ বিকশীকৰণৰ বাবে এন আৰ এল ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে ।চাৰি কোটি টকা ব্যয় সাপেক্ষে এক আৰ এণ্ড ডি প্ৰকল্পক আই আই টি জিৰ স্থাপন হ’বলগীয়া এন আৰ এল চেণ্টাৰ অৱ এক্সিলেন্স অন ছাষ্টেইনবল মেটেৰিলছৰ প্ৰথমটো প্ৰকল্প হিচাপে চিহ্নিত হৈছে ।ইতিপূৰ্বে এন আৰ এল আৰু আই আই টি জিৰ মাজত মেম’ৰেণ্ডাৰম অৱ আণ্ডাৰষ্টেণ্ডিং চুক্তিত স্বাক্ষৰ কৰা হৈছিল ।এই চুক্তিখনত এন আৰ এলৰ জ্যেষ্ঠ মুখ্য প্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰ আৰু আই আই টি জিৰ ডীন প্ৰফেচাৰ গোপাল দাসে সমূহ বিষয়া কৰ্মচাৰীৰ উপস্থিতি স্বাক্ষৰ কৰে। জানিব পৰা মতে এই চুক্তি খন ৫ বছৰৰ বাবে প্ৰযোজ্য হ’ব ।

Comments (0)
Add Comment