তিনিটা গুৰুত্বপূৰ্ণ খবৰ

আজি দৰং জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত হ’ল শ্ৰদ্ধাঞ্জলিৰ এক অনুষ্ঠান। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত শ্বহীদ হোৱা ১৪০ গৰাকী কৃষকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দৰং জিলাৰ ১৫ গৰাকী কৃষকক সম্বৰ্দ্ধনা জনায়। ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই পাথৰুঘাটৰ কৃষক সমাধিক্ষেত্ৰ আন্ত:গাথনি উন্নয়নৰ বাবে ২ কোটি টকাৰ চৰকাৰে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। লগতে পাথৰুঘাটৰ কৃষি বিকাশ দক্ষতা কেন্দ্ৰৰ বাবে ৫ কোটি টকা আৱণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে।

আনহাতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলী আউনী আটী সত্ৰৰ উদ্যোগত অনুষ্ঠিত হৈ আছে ভাওনা সমাৰোহ। ২০০৬ চনৰ পৰা প্ৰতি দুবছৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা সমাৰোহ খনত সৰ্বমুঠ ২৩ খন ভাওনা প্ৰদৰ্শিত হ’ব। উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সমাৰোহখনত ৩ ফেব্ৰুৱাৰীত অন্ত পৰিব। সমাৰোহখনত অসমৰ বিভিন্ন প্ৰান্ত যেনে শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ, গোলাঘাট, নগাও, লক্ষীমপুৰ জিলাৰ পৰা অহা শিল্পীৰ দলে অংশ গ্ৰহণ কৰিছে। ভাওনাৰ নৱগুণৰ ওপৰত ভিত্তি কৰি সমাৰোহখনত অংশ গ্ৰহণ কৰা ভাওনাক পুৰস্কৃত কৰিব। ভাওনা সমাৰোহৰ বাবে সত্ৰনগৰীত সেয়েহে উখল মাখল পৰিবেশ বিৰাজ কৰিছে।

আজি আন্ত:ৰাষ্ট্ৰীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত নতুন একীকৃত টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয় যে বিমান পৰিবহণ ব্যৱস্থাক আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিবৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ এক্ট ইষ্ট পলিচিৰ অধীনত বায়ু, স্থল, জল পৰিবহণ ব্যৱস্থাক উন্নীতকৰণ কৰা হ’ব। অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান বন্দৰ পৰিবহণ মন্ত্ৰী পী অশোক গজপতি ৰাজুৱে মন্তব্য কৰে যে অসমকে ধৰি উত্তৰ পূবৰ বিমান আৰু বিমান পৰিবহণ ব্যৱস্থাক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ অংশ হিচাপে প্ৰধান বিমান বন্দৰ সমূহক সংযোগ স্থাপন কৰা হৈছ। একীকৃত টাৰ্মিনেল ভৱনৰ কাম কাজ ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। অনুষ্ঠানত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

সহযোগ কৰিলে দৰংৰ সাংবাদিক লক্ষ্যধৰ শইকীয়া, মাজুলীৰ জ্যোতিষ তামুলী আৰু বৰঝাৰৰ পৰা জয়ন্ত কলিতাই।

Comments (0)
Add Comment