দক্ষতা বিভাগে দক্ষভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি

যুৱ চামৰ দক্ষতা বিকাশ তথা কৰ্মসংস্থাপনৰ উদ্দেশ্য আগত ৰাখি অসম দক্ষতা বিকাশ অভিযানৰ অধীনত অনুস্থিত হ’ল দক্ষতা সমাৰোহ। দক্ষতা সমাৰোহৰ দ্বাৰা প্ৰায় ১০০০ নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব। এই মন্তব্য উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰীৰ। আজি অসম দক্ষতা বিকাশ অভিযানৰ কটাহবাৰীস্থিত স্থায়ী ভৱন উদ্বোধন কৰি মন্ত্রী গৰাকীয়ে কয় যে দক্ষতা বিকাশ অভিযানৰ জৰিয়তে প্ৰায় ১ লাখ নিবনুৱাক ৩১ মাৰ্চ ভিতৰত দক্ষ কৰি তোলা হ’ব। অসমত এতিয়া দক্ষতা বিকাশ অভিযান অন্তৰ্গত ৩৫৯টা কেন্দ্ৰ চলি আছে। শীঘ্ৰে মঙ্গলদৈ চহৰক স্কিল চিটী হিচাপে গঢ় দিয়া হ’ব। স্বাৱলম্বন আঁচনিৰ জৰিয়তে ১৮০০০ হাজাৰ সন্ত্রাষবাদ পৰিহাৰ কৰি মূল সুঁতিলৈ অহা ব্যক্তিক সামৰি লোৱা হ’ব। স্বয়ং নামৰ আন আঁচনি হাতত লোৱাৰ কথা সদৰী কৰে। স্বয়ং আঁচনিৰ জৰিয়তে কোনো বক্তিয়ে ১ লাখ টকাকৈ ঋণ পাব। কাৰাগাৰ চে কাৰিগৰ আঁচনিৰ জৰিয়তে জেলৰ কয়দী সকলক সামৰি লোৱা হ’ব।

উল্লেখযোগ্য যে বিভিন্ন ক্ষেত্রৰ প্ৰশিক্ষণ, নিযুক্তিৰ সহায়ক হোৱাকৈ ১৮০০২১২৮৬৬০ নম্বৰৰ এটা টোল ফ্ৰী নম্বৰ মুকলি কৰে। বিদেশী ভাষা প্ৰশিক্ষণৰ ক্ষেত্রত ডাউন টাউন বিশ্ব বিদ্যালয়ত জাপানীজ ভাষাৰ প্ৰশিক্ষণ প্ৰদানৰ বৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে। ৯০০ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত হ’ব লগীয়া স্কিল চিটীৰ প্ৰজেক্টৰ জৰিয়তে বহু লোকৰ সুবিধা হ’ব বুলি মন্ত্রীগৰাকীয়ে কয়। উদ্বোধনী অনুষ্ঠানত অসম দক্ষতা বিকাশ অভিযানৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, আশোতোষ অগ্নিহোত্রী উপস্থিত থাকে।

Comments (0)
Add Comment