দিল্লী,গুজৰাটত চাহিদা বৃদ্ধি গামোছাৰ মাস্কৰ,কিন্তু কোনে যোগান ধৰিছে মাস্ক

ক’ৰণা ভাইৰাছৰ সমান্তৰালকৈ বজাৰত মাস্কৰ চাহিদা বৃদ্ধি পাইছে। অসমৰ হেঁপাহৰ গামোচাখনেৰে প্ৰস্তুত কৰা মাস্ক বৰ্হিৰাজ্যলৈ ৰপ্তানি কৰি চৰ্চালৈ আহিছে জ্যোতি জিমলী মহন্ত।
 
 
নগাঁৱৰ চামগুৰিৰ জ্যোতি জিমলী মহন্তই নিজ হাতে প্ৰস্তুত কৰা মাস্ক অলপতে গুজৰাট আৰু দিল্লীলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে দিল্লীৰ বিশ্ব বেংকত কৰ্মৰত এজন ব্যক্তিয়ে প্ৰায় তিনিহেজাৰ খন গামোচাৰে প্ৰস্তুত কৰা মাস্ক ক্ৰয় কৰিছে। ইয়াৰ উপৰিও  মুগা সুঁতাৰে মাস্ক প্ৰস্তুত কৰি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিছে। তেখেতে অসমৰ বিভিন্ন ঠাই গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়লৈ মাস্ক প্ৰেৰণ কৰিছে। হস্তশিল্পৰ লগত জড়িত জ্যোতি জিমলী মহন্তৰ অধীনত বহুগৰাকীয়ে স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে।

Comments (0)
Add Comment