দুজন অসম মূলৰ চলচিত্ৰ নিৰ্মাতালৈ NFDC ৰ স্বীকৃতি

The National Film Development Corporation of India চমুকৈ NFDC য়ে শেহতীয়াকৈ ১৪ সংখ্যক চিত্ৰনাট্যকাৰ গৱেষণা গাৰৰ বাবে বাচনি হোৱা প্ৰকল্প সমূহ ঘোষণা কৰিছে।এই সন্মানীয় অনুষ্ঠানৰ বাবে ৮ টা প্রকল্প ভিতৰত অসম মূলৰ দুজন চলচিত্ৰ নির্মাতাই প্ৰকল্পত স্থান পাইছে। স্থান পোৱা ব্যক্তি সকলৰ ভিতৰত উৎপল বৰ পূজাৰী আৰু প্ৰকাশ ডেকা অন্যতম।উল্লেখযোগ্য যে উৎপল বৰ পূজাৰী এণ্ড আনৰিয়েল ষ্টৰী আৰু প্ৰকাশ ডেকাৰ গছ কটা মানুহে এই তালিকাত স্থান পাইছে। এই খবৰ জানি প্ৰতিষ্ঠিত সমালোচক তথা চলচিত্ৰ নির্মাতা উৎপল বৰ পূজাৰীয়ে টুইটাৰত এনেদৰে মত প্ৰকাশ কৰে যে মই অতিশয় আনন্দিত হৈছো। এটা সত্য ঘটনা ওপৰত আধাৰিত মনোজ কুমাৰ গোস্বামী পৰিচালিত মোৰ চিত্ৰনাট্য এণ্ড আনৰিয়েল ষ্টৰি এই সন্মানৰ বাবে মনোনীত হৈছে।আনহাতে প্ৰকাশ ডেকায়ো আনন্দ প্ৰকাশ কৰি কয় – NSFDC ৰ এই স্বীকৃতি মোৰ বাবে প্ৰথম।

Comments (0)
Add Comment