দুটা ভাল খবৰ

অসম তথা উত্তৰ পূৱৰ পিছপৰা শ্ৰেণীৰ লোক সকললৈ শিক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে Friends of Tribal Society নামৰ বেচৰকাৰী সংগঠনে। উল্লেখযোগ্য যে এই সংগঠনটোৱে স্বাস্থ্যসন্মত পৰিবেশত থকা শিক্ষা, উন্নয়নমূলক শিক্ষা প্ৰদানৰ মাধ্যমেৰে দেশৰ বিভিন্ন গাওঁ সমূহত সেৱা প্ৰদান কৰি আহিছে। বিশেষকৈ অতি পিছপৰা অঞ্চলত (একল বিদ্যালয়) এজন শিক্ষকৰে পৰিচালিত বিদ্যালয় স্থাপন কৰি শিক্ষা, স্বাস্থ্য খণ্ডলৈ অৰিহণা যোগাইছে। অলপতে গুৱাহাটী প্ৰেচ ক্লাৱত আয়োজিত এক সংবাদ মেলত চ’চাইটিৰ পৱন আগৰৱালে কয় যে- Friends of Tribal Society ৰ মূলমন্ত্ৰ হ’ল সমাজলৈ প্ৰগতি অনাৰ। বৰ্ত্তমান উত্তৰ পূৱত ১,২১,০০০ শিক্ষাৰ্থীয়ে একল বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে। একক শিক্ষকৰ বিদ্যালয় সমূহে দৰিদ্ৰ আৰু অভাৱী শিশুসকলক অতিৰিক্ত প্ৰশিক্ষণ প্ৰদান কৰি বৰ্ত্তমান সমাজ ব্যৱস্থাৰ লগত মিলিব পৰাকে যোগ্য কৰি তোলা হয়। স্মৰ্তব্য যে এনেধৰণৰ একল বিদ্যালয় ত্ৰিপুৰা, মণিপুৰ, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বিভিন্ন ঠাইত আছে। ইয়াৰ দ্বাৰা বহু পিছপৰা অঞ্চলৰ শিশু আৰু মহিলা উপকৃত হৈছে।

আনহাতে গুৱাহাটীৰ আজাৰাস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড  টেকন’লজী (জি.আই.এম.টি.)ৰ কৰ্তৃপক্ষই অসমীয়া চিনেমা উদ্যোগৰ প্রসাৰৰ বাবে এক সুন্দৰ  পদক্ষেপ  গ্রহণ কৰিছে। আজি ২৭মে’ তাৰিখে জি.আই.এম.টি. কৰ্তৃপক্ষই  গুৱাহাটীৰ পল্টন বজাৰস্থিত ‘গ’ল্ড চিনেমা’ গৃহত ড° ৰীতা চৌধুৰীৰ গল্প আধাৰত নিৰ্মিত আৰু  মঞ্জুল বৰুৱাই পৰিচালনা কৰা ‘অন্তৰীণ’ নামৰ অসমীয়া  কথাছবিখনিৰ এক বিশেষ দৰ্শনীৰ সমূহ টিকট ক্রয় কৰি শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰী সকলক  চোৱাৰ সুবিধা  প্রদান কৰে।  তদুপৰি , বিগত বছৰটিতো ছাত্র-ছাত্রীসকলক

অসমীয়া কথাছবি ‘কথানদী’ আৰু মহিলাৰ সুৰক্ষা সম্পৰ্কে সজাগতা আনিবৰ বাবে শিক্ষানুষ্ঠানৰ মহিলা কৰ্মচাৰীসকলক ‘পিংক’ নামৰ হিন্দী কথাছবিখনিৰ দৰ্শনৰ সুবিধা  প্রদান কৰিছিল।

জি.আই.এম.টি. গুৱাহাটীৰ ডীন (ষ্টুডেণ্ট এফেয়াৰ্ছ) ড° বুলজিৎ   বুঢ়াগোহাঁয়ে  উল্লেখ কৰে যে, সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই অনা  কথাছবি যদি ছবিগৃহলৈ আহে , তেন্তে  কৰ্তৃপক্ষই  শিক্ষাৰ্থী , শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰী সকলক কথাছবিসমূহ দৰ্শনৰ সুবিধা প্রদান কৰিব । এই  কথাছবিসমূহ  অৱশ্যে অন্য ভাষাৰো হ’ব পাৰে । ইয়াৰোপৰি  ড° বুঢ়াগোহাঁয়ে মত ব্যক্ত কৰে যে , অসমৰ অন্যান্য শিক্ষা প্রতিষ্ঠান সমূহেও উক্ত পদক্ষেপ গ্রহণ কৰিলে অসমীয়া চিনেমা উদ্যোগটোৰ প্রসাৰৰ ক্ষেত্রত অলপ হ’লেও অৰিহণা যোগাব বুলি আশা কৰিব পাৰি ।

Comments (0)
Add Comment