দৰিদ্ৰ মেধাৱীক সকাহ যোগাব বীনাপানী ফাউণ্ডেচনে

লখিমপুৰ জিলাৰ এটা বেচৰকাৰী সংগঠনে কৃতি শিক্ষাৰ্থীলৈ সুখবৰ কঢ়িয়াইছে। বীণাপানী ফাউণ্ডেশ্যন নামৰ সংগঠনটোৱে ২০১৬ বৰ্ষৰ পৰা মেট্ৰিক, উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীক আৰ্থিক আৰু শৈক্ষিকভাৱে সকাহ আগবঢ়াইছে। এই বৰ্ষটোও এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ মনস্থ কৰিছে সংগঠনটোৱে। এক প্ৰেছ বিবৃত্তিত প্ৰকাশ কৰা তথ্য অনুসৰি ইচ্ছুক দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ৩০ মে’ৰ ভিতৰত আৱেদন কৰিব পাৰিব। জানিব পৰা মতে ৭ অথবা ৮ জুনত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলোকে সম্বৰ্ধনা জনোৱা হ’ব। সবিশেষ জানিবৰ বাবে জিনু কোঁৱৰ গগৈক ৭৬৩৮৮১১৬৩৩ নম্বৰত যোগাযোগ কৰিব পাৰে।

Comments (0)
Add Comment