ধেমাজি গোগামুখৰ এগৰাকী ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ

ধেমাজি গোগামুখৰ এগৰাকী ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ।প্ৰদূষণ আৰু প্লাষ্টিক মুক্ত চিন্তাৰে স্থাপন কৰিছে এটা ক্ষুদ্ৰ উদ্যোগ।যুৱকজনৰ নাম হৈছে প্ৰসন্ন বসুমতাৰী। Seli Industry নামেৰে এটা প্ৰদূষণ মুক্ত ক্ষুদ্ৰ উদ্যোগ গঢ় দি থলুৱা যুৱকক কৰ্ম সংস্থাপন পথ দেখুৱাইছে।এই ক্ষুদ্ৰ উদ্যোগটো শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ উপায়ুক্তই।জানিব পৰা মতে বৰ্তমান এই উদ্যোগটোত প্ৰদূষণ মুক্ত Carry Bag আৰু Senitary pads তৈয়াৰ হয়।উল্লেখযোগ্য যে Carry Bag আৰু Senitary Pads সমূহ গ্ৰাহকে অতি কম উদ্যোগটোৰ পৰা কিনিব পাৰিব বুলি প্ৰসন্ন বসুমতাৰীয়ে জানিবলৈ দিছে।

Comments (0)
Add Comment