নগাঁৱৰ দক্ষিণ জাজৰিত শিশু অনুষ্ঠান মইনা পাৰিজাতৰ শুভাৰম্ভ


নগাঁও জিলাৰ দক্ষিণ জাজৰিত আজি শিশু অনুষ্ঠান মইনা পাৰিজাতৰ শুভাৰম্ভ কৰা হয়। আজি পুৱাৰে পৰা দক্ষিণ জাজৰিৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত দেখিবলৈ পোৱা গ’ল উদুলি-মুদুলি পৰিবেশ। দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপনৰ লগতে গোষ্ঠীৰ প্ৰতিষ্ঠা কালৰ প্ৰয়াত ব্যক্তি ক্ৰমে মানিক মহন্ত, ডিম্বেশ্বৰ বৰা, বাবুল দেউৰী, চেনাই কোঁৱৰ, নাৰায়ন বৰদলৈ, কৃষ্ণানন্দ তামুলী,লুইত মহন্ত আৰু পংকজ মহন্তক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
পুৱা ৯.৩০ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভনি কৰে গোষ্ঠীৰ সভাপতি প্ৰবীন চন্দ্ৰ বৰদলৈয়ে। শ্বহীদ তৰ্পন কৰে অঞ্চলৰ স্বহীদ পৰিয়ালৰ সদস্য তথা প্ৰাক্তন ছাত্র নেতা পংকজ ডেকাই। ৰূপকোঁৱৰ আগৰৱালাদেৱৰ প্ৰতিচ্ছবি পুষ্পাঞ্জলি অৰ্পন কৰে সৰ্বানন্দ মহন্তই। ইয়াৰ পিছতে মইনা পাৰিজাত অনুষ্ঠানৰ শোভাৰম্ভনি উদ্দেশ্যে মুকলি সভাত সদৌ অসম মইনা পাৰিজাতৰ নগাঁও জিলাৰ উপ সভাপতি শৰৎ চন্দ্ৰ মহন্ত, সাধাৰণ সম্পাদক বিশ্বজিৎ কাকতি, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, জাজৰি শতদল সাহিত্য সভাৰ সভাপতি নৰেন ডেকা,লোকশিল্পী মিলেশ্বৰ ডেকা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, ধৰ্ম কলিতাকে ধৰি বহু লোক উপস্থিত থাকে। সম্পাদক সীমান্ত বৰদলৈয়ে আঁতধৰা সভাখন এটি সমবেত বৰগীতেৰে আৰম্ভ হয়। সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত শাখা কলাকাৰ মইনা পাৰিজাত অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক অনন্ত বৰদলৈয়ে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment