নাৰী দিৱসৰ দিনাই নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰেণুপমা ৰাজখোৱাই

আজি আন্তৰ্জাতিক নাৰী দিৱস।এই দিৱসৰ পবিত্ৰ দিনটোত টীয়কৰ বিধায়িকা তথা বৰ্তমান মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই প্ৰতিগৰাকী নাৰীক জনাইছে শুভেচ্ছা।উল্লেখযোগ্য যে কালি ১০২নং টীয়ক বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন প্ৰতিদন্দিতা কৰিবলৈ পুনৰ প্ৰাৰ্থীত্ব লাভ কৰি উৎফুল্লিত ৰাজখোৱাই পুৱা গোসাঁইঘৰত বন্তি জ্বলাই গৃহত উপস্থিত প্ৰতিগৰাকী কৰ্মী শুভাকাংক্ষীক নিজ হাতে আপ্যায়ন কৰি এই বিশেষ দিনটোত আগন্তুক নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে। এগৰাকী নাৰী হিচাপে ঘৰুৱা সকলো কামকাজ কৰাৰ সমান্তৰালকৈ স্বাধীনচেতিয়াভাৱে নিজ নিজ কৰ্মত অগ্ৰসৰ হৈ নাৰীৰ শক্তি প্ৰদৰ্শন কৰি সমাজখন আগুৱাই নিবলৈ আহ্বান জনাইছে।

Comments (0)
Add Comment