নিউজ পৰ্টেলৰ বাবে অচিৰেই আহি আছে নতুন আইনঃ মন্ত্ৰী পীযুষ হাজৰিকা

দিনে দিনে নিউজ পৰ্টেলৰ সংখ্যা বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত নতুনকৈ নীতি নিৰ্দেশনা আহিব বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
মন্ত্ৰীগৰাকীয়ে কয়, “যেনেকৈ কাঠফুলাৰ দৰে নিউজ পৰ্টেল গঢ় লৈ উঠিছে, তাৰ বিৰুদ্ধে আমি কিন্তু সিদ্ধান্ত ল’ব লাগিব। আমি পৰ্টেল, চেনেল খোলাত বাধা নিদিও, কিন্তু কিছু নীতি-নিৰ্দেশনা থাকিব লাগিব। এই সকলো কথা ভালদৰে পৰ্যবেক্ষণ কৰা হ’ব। যাৰ বাবে আমি শীঘ্ৰে এখন আইন আনিম।”অৱশ্যে এই আইন অনা প্ৰসংগটো আজি পৰা প্ৰায় দুবছৰ মান সময়ৰ পৰাই চৰ্চিত হৈ অহা লগতে বিভিন্ন দল সংগঠনে দাবী উত্থাপিত কৰি আহিছিল।

Comments (0)
Add Comment