নেৰামেকৰ গুৰুত্বপূৰ্ণ পদক্ষেপ- স্বাস্থ্য লগতে পৰিৱেশক সন্তুলিত কৰাৰ প্ৰয়াস

বিশ্বৰ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নেৰামেকে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।স্বাস্থ্য আৰু পৰিৱেশৰ যাতে ভাৰসাম্যতা অটুট থাকে তাৰ বাবে নেৰামেকে প্ৰয়াস কৰিছে।ইয়াৰ অংশস্বৰূপে নেৰামেকে মহানগৰী সমীপৱৰ্তী ডিগাৰু উন্নয়ন খণ্ডৰ অধীনৰ আমচাং বামুনখাট,হালধিবাৰী অঞ্চলত প্ৰায় ২০০০ শগুণীলতা বিতৰণ কৰিছে।উল্লেখযোগ্য এই শগুণীলতা হ’ল এশ গুণ সম্পন্ন এবিধ লতাজাতীয় উদ্ভিদ।যি মধুমেহ ,উচ্চৰক্তচাপ ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে।মহানগৰীৰ বজাৰত একোডাল লতাৰ বজাৰ মূল্য ২০ টকাৰ পৰা ৫০ টকা পৰ্যন্ত।
এই সম্পৰ্কে জানিব দি নেৰামেকৰ সঞ্চালক মনোজ কুমাৰ দাসে কয় যে এই অঞ্চলসমূহ শগুণীলতাৰ ভিলেজ হিচাপে গঢ় দিয়াৰ বাবে নেৰামেকে এই পদক্ষেপ হাতত লৈছে।ভৱিষ্যতে বজাৰ দিয়াৰ প্ৰয়াস কৰিম।এই সমগ্ৰ কাৰ্য্যসূচী সফলভাৱে ৰূপায়ন কৰাত সামাজিক বনানিকৰণ বিভাগ,খণ্ড উন্নয়ন বিভাগৰ বন বিষয়া ডিম্পী বৰা শইকীয়াই সহযোগ কৰিছে।লগতে তেখেতে জানিবলৈ দিয়ে যে চলচিত্ৰ নিৰ্মাতা ডক্টৰ ভূপেন কামান ,নেৰামেকৰ কৰ্মচাৰী শৈলেন সোণোৱাল, স্থানীয় বাসিন্দা গীতু তাঁতী আৰু বাসন্তী তাঁতীয়ে সহযোগ কৰিছে।লগতে নেৰামেকৰ ফালৰ স্থানীয় ১০০ টা শিশুক খাদ্য সামগ্ৰী যোগান ধৰিছে।

Comments (0)
Add Comment