পকী পথ উদ্বোধন

ৰাজ্য চৰকাৰৰ SOPD-ODS ৰ অধীনত আৱন্টিত পুঁজিৰে টীয়ক পৌৰসভাৰ ২নং ৱাৰ্ডৰ হেম দত্ত ফৌজী কলনীৰ পথটি ১০,১৫,৫৫০/-টকা ব্যয় সাপেক্ষে পকীকৰণৰ আধাৰশিলা আজি টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানে প্ৰাক্তন সভানেত্ৰী নিৰদা বৰুৱা,কলনী পথৰ ভূমিদাতা ডা°ৰোহিনী দত্তৰ উপস্থিতত আধাৰশিলা উন্মোচন কৰে।পৌৰসভা ২নং ৱাৰ্ডৰ ৱাৰ্ডআয়ুক্ত অভিজিৎ বৰুৱাই আতঁধৰা এই আধাৰশিলা কাৰ্যসূচীত অঞ্চলটোৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থকাৰ লগতে নিবিদাৰ যোগেদি ঠিকা লাভ কৰা ঠিকাদাৰক ৰাজহুৱাভাৱে পথ নিৰ্মাণৰ কাম নিৰ্দিষ্ট সময়ত সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে ইতিপূৰ্বে টীয়ক নগৰৰ কেওটা ৱাৰ্ডতে কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰিছে আৰু কেইবাটাও পথৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই।

Comments (0)
Add Comment