পথ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বৈঠক

পথ পৰিবহন মন্ত্ৰালয়ৰ অধীনত মন্ত্ৰী গোটে পথ সুৰক্ষা আৰু পৰিবহনৰ সম্পৰ্কত এক আলোচনাচক্ৰত মিলিত হয়। দুদিনীয়া কাৰ্য্যসূচীৰে মহানগৰীৰ হোটেল ৰডিচন ব্লুত অনুষ্ঠিত হোৱা বৈঠকত পথ সুৰক্ষা, যান – বাহনৰ সমস্যা তথা কৰ সমস্যাৰ সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। আজি ৰেডিচন ব্লুত অনুষ্ঠিত কৰা এক সংবাদ মেলত পৰিবহন মন্ত্ৰালয়ৰ অধ্যক্ষ য়ুনুছ খানে মন্তব্য কৰে যে সমগ্ৰ ৰাজ্যতে জনসাধাৰণৰ নিৰাপত্তা তথা সুৰক্ষাৰ বাবে অতি শীঘ্ৰে One nation one tax নীতি বলবৎ কৰা হ’ব। অৱশ্যে এই নীতি কাৰ্য্যকৰী হ’বলৈ ১৫ দিন সময় লাগিব। ইয়াৰ দ্বাৰা ৰাজহৰ যোগেদি সমূহ জনসাধাৰণ উপকৃত হ’ব।

উল্লেখযোগ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৈঠকত বিভিন্ন ৰাজ্যৰ ১২ জন মন্ত্ৰীয়ে অংশ গ্ৰহণ কৰে। ৰাজস্থান, অসম, ঝাৰখণ্ড, পণ্ডুচেৰী, তামিলনাডু, আৰু উত্তৰ প্ৰদেশ আদি ৰাজ্যত কৰৰ ক্ষেত্ৰত সমনীতি প্ৰযোজ্য হ’ব। অৱশ্যে পাহাৰীয়া ৰাজ্যৰ ক্ষেত্ৰত বিষয়টো বিবেচনাধীন হৈ আছে বুলি জানিব দিয়ে। সংবাদমেলখনত পৰিবহ ন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আশোতোষ অগ্নিহোত্ৰী, আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে কেবাজনো বিষয়ববীয়া উপস্থিত থাকে।

Comments (0)
Add Comment