পলাশবাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ

পলাশবাৰী সমষ্টিৰ নহিৰা, গুইমাৰা আৰু চিমিনাৰ অঞ্চলত বানাক্ৰান্ত হোৱা অঞ্চলৰ দুৰ্গত ৰাইজৰ দুখ – দুৰ্দশাৰ বুজ লোৱাৰ উদ্দেশ্য কালি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডল কাৰ্যালয়ৰ এটা তিনিজনীয়া সজাতি দলে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। প্ৰাধিকৰণৰ কৰ্মচাৰী তথা এয়াৰপৰ্ট অথৰীতি এম্পলয়িজ ইউনিয়নৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস, গুৱাহাটী শাখাৰ সম্পাদক ৰাজু কুমাৰ দাস আৰু কৰ্মকর্তা তৈয়বুল্লা আলিয়ে বৰঝাৰ বিমান বন্দৰৰ পৰা কিছু নিলগৰ পলাশবাৰীৰ নহিৰা, গুইমাৰা আৰু চিমিনাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ- দুৰ্দশাৰ বুজ লয়।
 
 
 
প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ নিৰ্দেশত যোৱা সজাতি দলটোৱে তাৰ গুইমাৰাৰ চৰকাৰী গাওঁবুঢ়া খনিন্দ্ৰ চন্দ্ৰ দাস, কুলেন দাস আৰু চিমিনাৰ শ্বেখ আব্দুল্লা আলিক সাক্ষাৎ কৰে । সাক্ষাৎকালত অহা কিছুদিনৰ ভিতৰতে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰীকে ধৰি বিমানবন্দৰ প্ৰাধিকৰণৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি দলটোৱে আশ্বাস দিয়ে ।

Comments (0)
Add Comment