পামঘৰে গাঁৱৰে পৰাই বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিছে

এজন উদীয়মান লেখকৰ প্ৰচেষ্টাত দৰংত এটা পুথিভৰাল প্ৰতিষ্ঠা হৈছে।পুথিভৰালটোৰ নাম পামঘৰ পুথিভৰাল।দৰঙৰ পথৰিঘাট শান্তিপুখুৰীত অৱস্থিত এই পুথিভৰালটো বিগত বৰ্ষৰ ১৬ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন হয়।জানি সুখী হ’ব যে এই পুথিভৰালটোত অসমীয়া ভাষাৰ লোককৃষ্টি গৱেষণামূলক গ্ৰন্থ উপলব্ধ।লগতে গৱেষক ছাত্ৰ ছাত্ৰীৰ বাবে পুথিভৰালটো উৎসৰ্গিত।উদীয়মান লেখক,সাংবাদিক জমীউল হকৰ প্ৰচেষ্টাত পামঘৰ পুথিভৰাল গঠন হৈছে।৩০০০ৰো অধিক গ্ৰন্থ সংগ্ৰহীত হৈ থকা পুথিভৰালটোলৈ সমীপতে থকা ১০খন গাঁৱৰ বিভিন্ন পঢুৱৈৰ সমাগম হয়।উল্লেখযোগ্য যে পামঘৰত বিভিন্ন জাতি জনজাতিৰ বুৰঞ্জীমূলক গ্ৰন্থ ,স্মৃতিগ্ৰন্থ উপলব্ধ হৈ আছে।জমীউল হকে জনোৱা মতে আগন্তুক দিনত পামঘৰে বৌদ্ধিক ক্ষেত্ৰত নৱ বিপ্লৱ সূচনা কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব।এনেধৰণৰ ইতিবাচক খবৰৰ ভিজিট কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক।

Comments (0)
Add Comment