এজন উদীয়মান লেখকৰ প্ৰচেষ্টাত দৰংত এটা পুথিভৰাল প্ৰতিষ্ঠা হৈছে।পুথিভৰালটোৰ নাম পামঘৰ পুথিভৰাল।দৰঙৰ পথৰিঘাট শান্তিপুখুৰীত অৱস্থিত এই পুথিভৰালটো বিগত বৰ্ষৰ ১৬ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন হয়।জানি সুখী হ’ব যে এই পুথিভৰালটোত অসমীয়া ভাষাৰ লোককৃষ্টি গৱেষণামূলক গ্ৰন্থ উপলব্ধ।লগতে গৱেষক ছাত্ৰ ছাত্ৰীৰ বাবে পুথিভৰালটো উৎসৰ্গিত।উদীয়মান লেখক,সাংবাদিক জমীউল হকৰ প্ৰচেষ্টাত পামঘৰ পুথিভৰাল গঠন হৈছে।৩০০০ৰো অধিক গ্ৰন্থ সংগ্ৰহীত হৈ থকা পুথিভৰালটোলৈ সমীপতে থকা ১০খন গাঁৱৰ বিভিন্ন পঢুৱৈৰ সমাগম হয়।উল্লেখযোগ্য যে পামঘৰত বিভিন্ন জাতি জনজাতিৰ বুৰঞ্জীমূলক গ্ৰন্থ ,স্মৃতিগ্ৰন্থ উপলব্ধ হৈ আছে।জমীউল হকে জনোৱা মতে আগন্তুক দিনত পামঘৰে বৌদ্ধিক ক্ষেত্ৰত নৱ বিপ্লৱ সূচনা কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব।এনেধৰণৰ ইতিবাচক খবৰৰ ভিজিট কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কমক।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন