প্ৰকৃতি প্ৰেমী – সৌৰভ বৰকটকী

  সৰুৰে পৰা ল’ৰাজনৰ অদ্ভুত চখ । কাৰোবাৰ ঘৰত কোনো অফিচ তথা শিক্ষানুষ্ঠানত সাপ ওলালে, খবৰৰ ওপৰত খবৰ যায় ল’ৰাজনলৈ । কাৰণ ল’ৰাজনে সাপ ওলালে তৎক্ষণাত সেই ঠাইত উপস্থিত হৈ সাপ ধৰে আৰু কোনো অৰণ্যত মুকলি কৰে।
হয়, আজি আপোনালোকক জনাব বিচাৰিছো Snake Man হিচাপে জনজাত হোৱা তেজপুৰৰ কছাৰী গাঁৱৰ সৌৰভ বৰকটকীৰ বিষয়ে। সম্প্ৰতি সময়ত বৰকটকী ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত । ইতিমধ্যে বৰকটকীয়ে সাপৰ লগতে হাতী, বাঘ, হৰিণ, ইগল আদি উদ্ধাৰ কৰি ন জীৱন দিয়াৰ কাৰ্য্যত ব্ৰতী হৈছে । ন জীৱন দিয়া বোলা কথাটো এই প্ৰসংগতে কোৱা হৈছে যে সাধাৰণতে আমাৰ মানুহে বনৰীয়া জীৱ জন্তু দেখিলে আতংকিত হৈ নিধন কৰাৰ বাবে উদ্যত হয়। কিন্তু সৌৰভ বৰকটকী সেই সকল মানুহৰ ব্যতিক্ৰম।
সৌৰভ বৰকটকীৰ মতে সাপ খেতিয়কৰ পৰম বন্ধু । সাপে যথেষ্ট অনিষ্টকাৰী কীট পতংগ খাই আমাক সহায় কৰে। সেয়ে সাপক মাৰিলে মই বহু দুখ পাও, কেৱল সাপে নহয় নিৰীহ প্ৰাণী নিধন কৰাটো মোৰ অসহ্যকৰ। পূৰ্বে বহুজনক এনে কাৰ্য্যৰ বাবে Case File কৰিও হাৰাশাস্তি কৰিছো। মনকৰিবলীয়া এই যে, অতি দুঃসাহসিকভাবে প্ৰথমে তেঁও হাতেৰে সাপ ধৰিছিল। কিন্তু বৰ্তমানে বৰকটকীয়ে জিন্চ পেণ্টৰে জেপ বনাই নতুন কৌশলৰে সাপ ধৰে । বৰ্তমানলৈকে সৌৰভ বৰকটকীয়ে ৫০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ সাপ ধৰি উদ্ধাৰ কৰি জংঘলত মুকলি কৰি দিছে। সেয়েহে বৰকটকীক বিভিন্ন সময়ত বন্যপ্ৰাণী সুৰক্ষা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে বন বিভাগ , জিলা উপায়ুক্ত সম্বৰ্দ্ধনা জনাইছে। নিস্বাৰ্থ ভাবে প্ৰকৃতি প্ৰেমৰ নিৰ্দশন দেখুওৱা সৌৰভ বৰকটকী হাজাৰ জনৰ পথ প্ৰদৰ্শক হওক, সমাজৰ বাবে প্ৰকৃতিৰ বাবে আৰু কাম কৰি যাওক NE Focus ফালৰ পৰা যাঁছিলো বহু শুভ কামনা ।

Comments (6)
Add Comment
  • তপন কাকতি

    মোৰ ফালৰ পৰাও বহু বহু শুভকামনা

  • প্ৰাচুৰ্য কৌশিক

    আন্তৰিক অভিনন্দন জনাইছোঁ সৌৰভ ছাৰ ক তেখেত আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ

  • Zakir Hussain

    সৌৰভ দাৰ প্ৰকৃতি প্ৰেমে নৱ প্ৰজন্মৰ লগতে সকলোকে প্ৰভাৱিত কৰাৰ আশা কৰিলো

  • Debadatta Barkataki

    এটা ভাল খবৰ। সৌৰভ বৰকটকীৰ মোবাইল নম্বৰটো পালে ভাল লাগিব।
    যাৰ বিষয়ে লিখে তেখেতৰ যোগাযোগ নম্বৰ দিলে ভাল হয় ।

    • Admin

      Sourab Borkotoky mobile number-9678844217

  • Shyamanta Lahkar

    A Respect for the great job Saurav bor kataki.