প্ৰযুক্তিৰে সামৰি ল’ব উত্তৰ পূবক

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে কাৰিকৰী দিশত  প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।বিশেষকৈ উত্তৰ পূবক যথেষ্ট গুৰুত্ব দিছে।এই কথা সদৰী কৰি চেণ্টেল মেকানিকেল ইঞ্জিনিয়াৰিং ৰিচাৰ্জ ইনষ্টিটিউটৰ সঞ্চালক প্ৰচেফাৰ হৰিশ হিৰাণীয়ে কয় য়ে কৃষক সকলৰ সুবিধা প্ৰতি লক্ষ্য ৰাখি সৌৰচালিত টেক্টৰ নিৰ্মাণ কৰিছে, পানী পৰিষ্কাৰকৰণ ফিল্টাৰ, সৌৰ গছ আৰু বায়’ ডিজেল উৎপাদন কৰিছে।এই সম্পৰ্কে জানিবলৈ দি হিৰাণীয়ে কয় যে কোনো পেলনীয়া সামগ্ৰীয়ে অযোগ্য নহয় ।প্ৰত্যেক সামগ্ৰীয়ে ব্যৱহাৰৰ যোগ্য ।ইতিমধ্যে মিজোৰাম,অৰুণাচলৰ পাচীঘাট, নাহৰ লগুনত বিভিন্ন কাম আৰম্ভ কৰিছে।নৱেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ জিঅ’ত এটা প্ৰকল্প আৰম্ভ কৰিব ।অসম চৰকাৰে যদি সহযোগ কৰে অসমতো এনে প্ৰকল্প আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।জানিব পৰা মতে আৰ্চেনিকৰ মাত্ৰাৰ বাবে অসমে চতুৰ্থ স্থান অধিকাৰ কৰিছে ।স্মতব্য যে ইতিমধ্যে বিভাগৰ ফালৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰকল্প আৰম্ভ হৈছে।

Comments (0)
Add Comment