পৰম্পৰাৰে বিহু উদযাপিত হ’ল সত্ৰনগৰীত

আজি ব’হাগৰ প্ৰথম দিন। অৰ্থাৎ মানুহৰ বিহু। মানুহৰ বিহুৰ  দিনৰে পৰা অসমীয়া নতুন বছৰটো আৰম্ভণি হয়। সেয়েহে অধিকাংশ লোকে মন্দিৰ তথা ধৰ্মীয় উপাসনা গৃহত গৈ বছৰটো সুকলমে যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। পৰম্পৰা অনুসৰি মাজুলীৰ ঠাই বিশেষে আজিৰ দিনটোত বোকা খেল হয়। ইজনে সিজনক বোকা সানি আনন্দ উল্লাস কৰে। ইয়াৰ সমান্তৰালকে সত্ৰ সমূহতো ঐতিহাসিক পৰম্পৰাৰে বছৰৰ এই বিশেষ দিনটো উদযাপন হয়। বিশেষকৈ কণ কণ ল’ৰা ছোৱালী, যুৱক যুৱতীয়ে ঘৰে ঘৰে গৈ হুচৰি মৰা পৰিলক্ষিত হয়।

Comments (0)
Add Comment