পৰ্যটন ক্ষেত্ৰত অন্য ৰূপ – তেজাল ঘোঁৰাৰ বাহন আৰু শংকৰ সংঘৰ অধিবেশন

ঐতিহাসিক শিৱসাগৰ জিলাক পৰ্যটনৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদানৰ দিশে সাজু হৈছে পুস্পক ৰথে। ঘোঁৰাই টনা এই ৰথ খন মুকলি হ’ব শিৱৰাত্ৰীৰ মহা মেলাত। জানিব পৰা মতে পুস্পক ৰথত কোনো পৰ্যটকে নুন্যতম ৫০টকাৰ মূল্যত ৰংঘৰৰ পৰা তলাতল ঘৰ পৰিদৰ্শন কৰিব পাৰিব। পুস্পক ৰথৰ ব্যৱস্থা গঢ়ি তোলাৰ আঁৰত থকা ছেভেন ছিষ্টাৰচ ট্যুৰ এণ্ড ট্ৰেভেলচৰ পাৰ্থ শৰ্মাই জানিবলৈ দিয়া মতে কেৱল ব্যৱসায়িক দৃষ্টিভংগীৰে এজন উদ্যমী আৰু স্বদেশপ্ৰেমী হিচাপে শিৱসাগৰৰ পৰ্যটনত নতুন মাত্ৰা আনিবলৈ এনে কাম কৰাৰ বাবে অগ্ৰসৰ হ’লো।

আশা কৰিছো এনে পদক্ষেপে পৰ্যটন ক্ষেত্ৰখনলৈ ভাল খবৰ কঢ়িয়াই আনিব। ইতিমধ্যে পৰীক্ষণমূলক ভাবে দুটা ঘোঁৰাই টনা ৰথখন ব্যৱহাৰ কৰা হৈছে। প্ৰাপ্ত খবৰ মতে সৰ্বমুঠ ৬জন যাত্ৰীয়ে ভ্ৰমণ কৰাৰ সুবিধা আছে। পৰবৰ্তী সময়ত ৰাইজৰ সহাঁৰিৰ প্ৰতি লক্ষ্য ৰাখি ঐতিহাসিক ঠাই সমূহ ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। দিনৰ ভাগত চলাচল কৰিব পৰা পুস্পক ৰথ খনক লৈ বহুতে আনন্দিত হৈ উঠিছে।

আজিৰে পৰা দেৰগাঁও আহোম পথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন। ৮৭ সংখ্যক অধিবেশন উপলক্ষে অজস্ৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা বাতৰি পোৱা গৈছে। নামঘৰৰ প্ৰাত: প্ৰসঙ্গৰে কাৰ্য্যসূচী শুভাৰম্ভ হৈছে।

উল্লেখযোগ্য যে গ্ৰন্থমেলাৰ প্ৰদৰ্শনী দ্বাৰ আজি মুকলি হৈছে। সন্ধিয়া ভাগত শংকৰী সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। জানিব পৰা মতে অহা ১০ ফেব্ৰুৱাৰীত এই অধিবেশন খন অন্ত পৰিব।

Comments (0)
Add Comment