বজাৰত গামোছাৰ মাস্ক উপলব্ধ হৈছে, কিন্তু ক’ত

সমগ্ৰ দেশতে ক’ৰণা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে।মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ খুব কম সংখ্যক মানুহে ওলাইছে।
 
 
 
 
 
বজাৰত মাস্কৰ চাহিদা বৃদ্ধি পাইছে।সমান্তৰালভাৱে ঠাই বিশেষে মাস্ক নোহোৱাৰ বাবে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।
 
 
এনে সময়তে চ’চিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে গামোছাৰে তৈয়াৰী মাস্কৰ ফটোৱে। জানিব পৰা মতে গহপুৰৰ ডি কে আৰ্টিচান উদ্যোগত এই বিশেষ মাস্ক বিধ  তৈয়াৰ হৈছে।এতিয়ালৈকে ৫০০ ৰো অধিক গামোছাৰে তৈয়াৰী মাস্ক ইতিমধ্যে প্ৰস্তুত হৈছে।
 
 
যোৱা ১২ এপ্ৰিলৰ পৰা ফনিন্দ্ৰ প্ৰধান আৰু তেখেতৰ ৯ জন কৰ্মকৰ্তাই মাস্ক প্ৰস্তুত কৰাৰ কামত অহৰ্নিশে লাগি  আছে।জানিব পৰা মতে প্ৰথমে ডেট’লৰে ধুই ৰ’দত শুকুৱাই গামোছাৰ মাস্ক প্ৰস্তুত কৰিছে।
 
 
বহুতে বজাৰৰ মাস্ক ব্যৱহাৰ কৰি উশাহ লোৱাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হয়।উপায়হীন হৈ পিছত খুলি পেলায়।এই গামোছা সুঁতা ব্যৱধান বজাৰৰ মাস্কতকৈ বহু গুণে উন্নত।ইয়াৰ উপৰিও গামোছাখনৰ প্ৰতি সকলোৱে টান এটা থাকে,পৰিধান কৰিবলৈ দ্বিধাবোধ নকৰে।সেয়ে গামোছাৰ মাস্ক প্ৰস্তুত কৰিলো।এই মন্তব্য ফনিন্দ্ৰ প্ৰধানৰ।
 
 
মাস্কসমূহ গহপুৰৰ স্থানীয়  বজাৰত বিক্ৰী কৰিছে।প্ৰতিটো মাস্কৰ মূল্য ৫০টকা।গুৱাহাটীৰ পৰা বিভিন্ন মাস্কৰ অৰ্ডাৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে ।
 
 
আজিৰ দিনটোত এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment