বিমান বন্দৰত ঈদ উদযাপন

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠত প্ৰথমাবাৰৰ বাবে ঈদ উদযাপন কৰা হয়। উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিগণিত গুৱাহাটী বিমানকোঠত, জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে, প্ৰতিটো উৎসৱৰ সৈতে সংগতি ৰাখি, বিমানকোঠ কতৃপক্ষই আৰম্ভনিৰে পৰা সকলো উৎসৱ উদযাপন কৰি আহিছে। এই উৎসৱসমূহ উদযাপনৰ মূল উদ্দেশ্য হৈছে, বিমানকোঠত কৰ্মৰত বিভিন্ন সম্প্ৰদায় আৰু জাতিৰ কৰ্মচাৰীসকলক একতাৰ দোলৰে বান্ধি ৰখা আৰু লগতে যাত্ৰীসকলকো শুভেচ্ছা তথা বিনোদন দিয়া। সেইহিচাপে বিমানকোঠৰ প্ৰস্থান আৰু আগমন কক্ষত ঈদৰ শুভেচ্ছাবাণীৰে ক্ৰীব প্ৰস্তুত কৰা হৈছে। তাৰোপৰি ঈদ উদযাপনৰ বাবে বিমানবন্দৰত আন প্ৰদেশৰ পৰা আহি উপস্থিত হোৱা যাত্ৰীসকলকো ‘গ্ৰিটিংছ কাৰ্ড’ৰ যোগেদি ঈদৰ শুভেচ্ছা প্ৰদান কৰিছে বিমান বন্দৰৰ কৰ্তৃপক্ষই।

Comments (0)
Add Comment