বিশ্ব অভিলেখৰ অধিকাৰী মনজিৎ দিহিঙীয়া

এজন ব্যক্তি, তেওঁৰ আছে এক বিশেষ ক্ষমতা। বিশ্বাস কৰিব! এই বিশেষ ব্যক্তিজনে চাইকেলৰ হেণ্ডেলত হাত নধৰাকৈ একেৰাহে ৮০ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে। সেয়েহে তেওঁ ৬ টাকৈ বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে।

এই বিশেষব্যক্তি জন হ’ল গহপুৰৰ মনজিৎ দিহিঙীয়া। বৰ্ত্তমান তেওঁ অসম আৰক্ষীত কৰ্মৰত। দিহিঙীয়াই এনে দুঃসাহসিক ক্ৰীড়াক লগত কিদৰে জড়িত হ’ল জানিব বিচৰাত এনেদৰে কয়- আচলতে মোৰ সৰুৰে পৰা খেল ধেমালিৰ প্ৰতি আগ্ৰহ আছিল। চাইকেল চলাই খুব ভাল পাইছিলো। বিশেষকৈ হাত এৰি যেতিয়া চাইকেল চলাইছিলো বহুতে মোক ইতিকিং কৰিছিল। মই ভাগি পৰা নাছিলো, ভাবিছিলো মানুহে যিকোনো কথা ক’ব। কিন্তু মই মোৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিলো। যাৰ আপাহতে ১ বছৰ ৬ মাহ মানৰ অনুশীলনৰ অন্ততঃ ২০১৬ চনৰ ২১ আগষ্টত গহপুৰৰ পৰা জামুগুৰিলৈকে ৮০ কি মি যাত্ৰা পথত চাইকেলৰ ওপৰত ঢোল, পেপা, বৰতাল আৰু বাঁহী বজাই এক অভিলেখ গঢ়িবলৈ সক্ষম হও।

আচলতে মানসিক শক্তিয়ে কোনো কামৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ বাবে  প্ৰচুৰ অৰিহণা যোগায়। মনজিৎ দিহিঙীয়াৰ ক্ষেত্ৰটো এনে হৈছিল। প্ৰচুৰ মনোবলৰ প্ৰভাৱত এনে দুঃসাধ্য সাধন কৰিবলৈ সক্ষম হ’ল। সম্প্ৰতি দিহিঙীয়াই ২৫ ঘন্টাত ২০০ কি মিটাৰ মাৰাথান দৌৰৰ প্ৰচেষ্টা চলাই আছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দিহিঙীয়াৰ ৭ বছৰীয়া পুত্ৰই ২৫ মিনিট একেৰাহে সমৰ কলা প্ৰদৰ্শন কৰাৰ বাবে URF ৰ দ্বাৰা সন্মানিত হয়। স্মৰ্তব্য যে চলিত বৰ্ষতে মনজিৎ দিহিঙীয়াই একেৰেহে ২০০ কি মি অতিক্ৰম কৰা লক্ষ্য আছে। এই ক্ষেত্ৰত  সমূহ ৰাইজৰ পৰা সহায় সহযোগিতা আৰ্শীবাদ বিচাৰিছে।

Comments (1)
Add Comment
  • Manjit Dihingia

    ধন্যবাদ চাৰ