বিশ্ব কিডনী দিৱসৰ আঁত ধৰি

আজি বিশ্ব কিডনী দিৱস ।জনসাধাৰণৰ মাজত সজাগ সচেতনতা বৃদ্ধি  কৰাৰ উদ্দেশ্যেৰে আজি সমগ্ৰ বিশ্বজুৰি এই দিৱস উদযাপিত হৈছে ।এক সমীক্ষা ত প্ৰকাশিত তথ্য অনুসৰি প্ৰতিবছৰে বৃক্ক ৰোগত ২. ৪ মিলিয়ন ৰোগীৰ মৃত্যু হয় ।ইয়াৰে অধিকাংশ লোকে বৃক্ক ৰোগৰ সম্পৰ্কে জ্ঞাত নহয় বাবে মৃত্যুৰ মুখত পৰে।প্ৰস্ৰাৱ ধৰি ৰখা অথবা পানীৰ পৰিমাণ কমকৈ সেৱন কৰাৰ ফলত বহুতে এই ৰোগৰ চিকাৰ হয়।জাংক ফুড অথবা ফেটি আহাৰ সেৱনে এই ৰোগৰ অন্যতম কাৰক বুলি গণ্য কৰা হয়।এইবাৰ ১৪সংখ্যক বিশ্ব কিডনী দিৱস উদযাপিত হৈছে ।এই দিৱস উদযাপন তেতিয়াহে প্ৰাসংগিক হৈ পৰিব, যেতিয়া সমূহ জনসাধাৰণ বৃক্কৰ সুৰক্ষাৰ সম্পৰ্কে জ্ঞাত হৈ পৰিব ।

Comments (0)
Add Comment