বিশ্ব গঁড় দিৱসৰ অনুষ্ঠানৰ আঁত ধৰি

আজি বিশ্ব গঁড় দিৱস ৷ সমগ্ৰ বিশ্ব লগতে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষও দুদিনীয়াকৈ বিশ্ব গঁড় দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷  প্ৰথম দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত “ইমজা” বোকাখাত, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, পুৱতি সাহিত্য সভা, বোকাখাত নাট্য মন্দিৰ, বোকাখাত মহকুমা কবি সন্মিলন, সন্ধানী লেখিকা সমাৰোহ সমিতি, প্ৰকৃতিপ্ৰেমী সংগঠন, ডব্লিউ টি আই, ডব্লিউ ডব্লিউ এফ, আৰণ্যক, ভূমি, কৰবেট ফাউণ্ডেচন বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ, জি ফাইব প্লাচ, ভোগালী জলপানৰ সহযোগত জে ডি এচ জি মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত গঁড় সুৰক্ষা সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয় ৷ বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত গগৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবিন্দ্ৰ শৰ্মা, সহকাৰী বন সংৰক্ষক ঋতুপৱণ বৰা শিৱসাগৰ অ’ এন জি চিৰ বিষয়া পি আৰ মিলি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অনাৰী ওৱাইল্ড লাইভ ৱাৰ্ডেন উত্তম শইকীয়া, ৱাইল্ড লাইভ ট্ৰাচ অৱ ইণ্ডিয়াৰ জন সম্পৰ্কৰক্ষী বিষয়া শুভময় ভট্টাচাৰ্য, কাজিৰঙা অধ্যয়ন কেন্দ্ৰৰ তত্বাৱধায়ক শশাংক ধৱল শইকীয়া, সাংবাদিক সুদীপ্ত তামলী, ধৰ্মেশ্বৰ হাজৰিকা, মহাবিদ্যালয়ৰ প্ৰবক্তাসকলৰ লগতে কেউটা সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ৷ সজাগতা সভাখনৰ পাছতেই নাকেৰে চিত্ৰ অংকন কৰি ইতিমধ্যে এচিয়া বুক অৱ ৰেকৰ্ডৰ খিতাপ লাভ কৰা শিৰোমণি দলেই বোকাখাতত প্ৰথম বাৰৰ বাবে নাকেৰে অসমৰ মানচিত্ৰখনৰ ওপৰত গঁড়ৰ চিত্ৰ অংকন কৰি উপস্থিত সকলোকে চমক দিয়ে ৷ কাইলৈ পুৱা ৬ বজাত নগাঁৱৰ কলিয়াবৰ তিনিআলিৰ পৰা বিশ্ব গঁড় দিৱসৰ দ্বিতীয় দিনৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব ৷ গঁড়ৰ প্ৰতিকী ৰূপত দুখন গাড়ীত দুটা গঁড়ে যাত্ৰা কৰিব ক্ৰমে বিশ্বনাথ আৰু বোকাখাত অভিমুখে ৷ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ যাত্ৰাৰ পথত বিভিন্ন ৰাজহুৱা স্থানত গঁড় সুৰক্ষা সমন্ধে সজাগতা সভা আৰু বাটৰ নাট অনুষ্ঠিত হ’ব ৷ পুৱা ৯ বজাৰ পৰা বোকাখাত হিন্দী হাইস্কুলত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব ৷ পুৱা ১০ বজাৰ পৰা বোকাখাত নাট্য মন্দিৰত বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইনৰ সঞ্চালনাত কবি সন্মিলন, গঁড় সুৰক্ষাৰ ওপৰত সজাগতা সভা, বাটৰ নাট, এচিয়া বুক অৱ ৰেকৰ্ডৰ খিতাপ লাভ কৰা শিৰোমণি দলেই নাকেৰে পুনৰ চিত্ৰ অংকন কৰিব ৷ বিয়লি ২-৩০ বজাত কলিয়াবৰৰ পৰা যাত্ৰা আৰম্ভ কৰা প্ৰতিকী গঁড়টো বোকাখাত নাট্য মন্দিৰত আহি পোৱাৰ পাছত বিশ্ব গঁড় দিৱসৰ মূল সামৰণি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সামৰণি অনুষ্ঠানত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ উপৰিও বন বিভাগৰ শীৰ্ষ বিষয়া বৰ্গ উপস্থিত থাকিব ৷ অনুষ্ঠানতেই প্ৰতিযোগিতা সমূহত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা সকলক মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হ’ব ৷ সামৰণি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কেওটা সহযোগী সংগঠনৰ বিষয়ববীয়াই বোকাখাতবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷

Comments (0)
Add Comment