বুল বুল কেন ছিঙে লাভ কৰিলে আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কম সময়ৰ ভিতৰতে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ জনপ্ৰিয় ছবি পৰিচালিকা ৰীমা দাসে পুনৰ এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শ্ৰেষ্ঠ ছবিৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়। কালি মেলবৰ্নত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ফ্লিম ফেষ্টিভেলত ৰীমা দাসৰ বুলবুল কেন ছিংলৈ ভাৰতীয় শ্ৰেষ্ঠ ছবিৰ বঁটা ঘোষণা কৰা হয়।এই অনুষ্ঠানটোত বলিউদ বাদশ্বাহ শ্বাহৰুখ খান, কৰণ জোহৰ, তাবু, অৰ্জুন কাপুৰেও উপভোগ কৰিলে বুলবুল কেন ছিং ছবিখন। অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছ পাছৰ পৰা ইটোৰ পাছত সিটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৰীমা দাসে। ৰীমা দাসৰ বুলবুল কেন ছিঙে ইতিমধ্যে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই ছবিখন বুলবুল নামৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ অসমৰ গাঁৱলীয়া পৰিৱেশত লালিত-পালিত হোৱাৰ সুন্দৰ দৃশ্য ছৱিখনৰ মাজেৰে প্ৰকাশ কৰিছে। এই ছবিখনত বুলবুলৰ চৰিত্ৰত আৰ্নালিয়ে অভিনয় কৰিছে। ছবিখনৰ জৰিয়তে অসমৰ নান্দনিক পৰিৱেশৰ সুন্দৰ বৰ্ণনা প্ৰকাশ কৰিছে।

Comments (0)
Add Comment