বৰপেটা সত্ৰৰ বিষয়ে জানিবলগীয়া কেইটামান কথা

পোনপ্ৰথমে আপোনাক দৌল উৎসৱ অথবা ফাঁকুৱাৰ জনালো বহু শুভকামনা। ফাকুৱা ৰঙে সকলোৰে জীৱনলৈ ৰঙৰ সম্ভাৰ লৈ আনে তাকে কামনা কৰিলো। দৌল উৎসৱ বুলিলে ঘাইকৈ বৰপেটাৰ সত্ৰত অনুষ্ঠিত হোৱা উৎসৱৰ প্ৰসংগৰ কথা মনলৈ আহে। কাৰণ বৰপেটা সত্ৰত দৌল উৎসৱৰ এক পৰম্পৰা তথা ঐতিহ্য বিজৰিত হৈ আছে। সেয়েহে আমি উপস্থিত হৈছিলো বৰপেটাৰ সত্ৰত। জানিবলৈ বিচাৰিছিলো, সেই পৰম্পৰাৰ কথা, যি ৫০০ ৰো অধিক বছৰ পুৰণি। এই সম্পৰ্কে সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক মহানন্দ পাঠক এনেদৰে জানিবলৈ দিয়ে। এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱে। মাধৱদেৱৰ পিছতেই সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই সত্ৰখন পৰিচালনা কৰিছিল। দৌল উৎসৱৰ লগত এক কাহিনী জৰিত হৈ আছে। প্ৰবাদ অনুসৰি শ্ৰীকৃষ্ঞই বৃন্দাবনত গোপী সকলৰ লগত ৰং উৎসৱেই পৰৰ্বত্তী সময়ৰ হোলী বুলি জনা যায়। আনহাতে আন এক প্ৰবাদ মতে শ্ৰীকৃষ্ঞই ঘুনুচাৰ বাৰীলৈ যোৱাৰ বাবে লক্ষ্মীয়ে আভিমান কৰিছিল, যাৰ বাবে আজিও মঠত চাৰিদাল বাঁহেৰে ভেটি ৰখা পৰম্পৰা বিদ্যমান। নক্ষত্ৰৰ গণনা অনুসৰি তথা কেতিয়াবা ২ দিন অথবা কেতিয়াবা ৪ দিন উৎসৱ অনুষ্ঠিত হয়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এবাৰ মাধৱদেৱে বৰপেটা এৰি যোৱাৰ পিছত সত্ৰৰ বিভিন্ন সমল জুঁইত জাহ যায়। ইয়াৰ পিছতে গোপাল তাঁতী নামৰ এজন ব্যক্তিয়ে এই খবৰ মাধৱদেৱক দিয়াত চোৱা চিতাৰ দায়িত্ব তেওঁকেই প্ৰদান কৰে। গোপাল তাঁতী খুব সুন্দৰ ভাবে মথুৰা ঠাই সদৃশৰ নিচিনাকৈ সত্ৰখনক ৰখাৰ বাবে মাধৱদেৱ মথুৰা দাস বুঢ়া আতা নামেৰে নামাকৰণ কৰি সত্ৰাধিকাৰ পাতে। স্মতৰ্ব্য যে মাধৱদেৱে ১৪ বছৰ ৬ মাহ কালত বৰপেটা সত্ৰত অতিবাহিত কৰিছিল।

মথুৰা দাস আতাৰ নিৰ্দেশ মৰ্মে হাটী (চুবুৰীৰ) ব্যবস্থা হয়। চুবুৰীয়ে চুবুৰীয়ে Bank System আৰু সৰ্বপ্ৰথমে গণতান্ত্ৰিক ব্যৱস্থা শুভাৰম্ভ কৰে। জানিব পৰা মতে এয়া ১৬ শ শতিকাৰ কাহিনী। মুথুৰা দাস বুঢ়া আতা আৰু ১২ জন তাঁতীৰ দ্বাৰা বৃন্দাবনী বস্ত্ৰ বৰপেটা সত্ৰত তৈয়াৰ হৈছিল।

বৰপেটা সত্ৰত বৰ্ত্তমানে মাধৱদেৱে কিছু সমল যেনে ধৰ্ম চৰ্চা কৰা পীৰা, গৰুড় আসন আৰু ভৰিৰ চাপ আজিও আছে। মাধৱদেৱে যিহেতু উদাসীন আছিল, সেয়েহে পূৰ্ব পৰম্পৰা অনুসৰি কীৰ্ত্তন ঘৰত নাৰীৰ প্ৰৱেশৰ অধিকাৰ আজিও দেখা নগল। উল্লেখযোগ্য যে গোন্ধযাত্ৰাই আৰম্ভণি হৈ ফাকুৱাৰ উৎসৱে এই দৌল মহোৎসৱ সামৰণি পৰিব। সত্ৰত হোলীগীতৰ পৰম্পৰা তথা ঐতিহ্য আজিও বিদ্যমান আৰু সুকীয়া বৈশিষ্ট আছে।

এয়া আছিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱ লগত সৰ্ম্পকিত কিছু ইতিবাচক কথা। এনেধৰণৰ তথ্য বাবে চাবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment