মৰিয়নীত আৰ্তজনৰ কাষত আটাছু আৰু শীতলা বাড়ী পূজা পৰিচালনা সমিতি                                                       

লক ডাউনৰ ফলত এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰা পদ পথৰ ভিক্ষাৰী আৰু দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰিয়নী আঞ্চলিক সমিতি আৰু শ্ৰী শ্ৰী সাৰ্বজনীন শীতলা বাড়ী পূজা পৰিচালনা সমিতি। লক ডাউনৰ প্ৰথম দিনটোৰ পৰাই দৈনিক শতাধিক লোকক আহাৰ যোগান ধৰি আহিছে আটাছু আৰু শীতলা বাড়ী পূজা পৰিচালনা সমিতিৰ সদস্যসকলে।
 
 
 
 
আনহাতে মৰিয়নী আও বাপ্টিছ চাৰ্চে আটাছু আৰু শীতলা বাড়ী পূজা পৰিচালনা সমিতিক আৰ্তজনক আহাৰ খুৱাবলৈ বিশহাজাৰ টকাৰ বৰঙণি প্ৰদান কৰি সহায়ৰ হাত আগবঢ়ায়। মানৱ জাতিৰ জটিল সন্ধিক্ষণত আটাছু আৰু শীতলা বাড়ী পূজা পৰিচালনা সমিতিয়ে লক ডাউনৰ সময়ছোৱাত আৰ্তজনক নিৰবিছিন্ন ভাৱে আগবঢ়োৱা সেৱা কাৰ্যক সকলোৱে শলাগ লৈছে।
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে।

Comments (0)
Add Comment