শিশু শিক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত

সোমবাৰৰ পৰা আৰম্ভ হৈছে শিশু শিক্ষা সমিতিৰ পূৰ্ণকালীন বৈঠক।গুৱাহাটীৰ প্ৰশান্তি পথস্থিত শিশু শিক্ষা সমিতিৰ ভৱনত এই বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত সংশোধনৰ পৰিসীমা মাপকাঠি এই প্ৰভাৱৰ সম্পৰ্কে বিস্তৃতভাবে আলোচনা কৰা হ’ব।উল্লেখযোগ্য যে শিশু শিক্ষা নীতি প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা লক্ষ্যৰে যোৱা ১১ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰযোৰা সজাগতা অভিযান বিদ্যা ভাৰতীয়ে আৰম্ভ কৰিছে।
 
 
এই নীতি অন্তৰ্গত সংশোধনৰ পৰিসীমা মাপকাঠি আৰু ইয়াৰ প্ৰভাৱৰ সম্পৰ্কে বিস্তৃত ভাৱে আলোচনা কৰা লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।২৫ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈ অনলাইন যোগে সামাজিক মাধ্যম আৰু ৱেবচাইট যোগে বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।
 
প্ৰতিযোগিতা মুঠ ১৩ টা ভাষাত আৰু ভাৰতকেন্দ্ৰিক, সমগ্ৰ শিক্ষা, জ্ঞান আধাৰিত আৰু গুণগত শিক্ষা এই চাৰিটা উপ বিষয়ত অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাক তিনিটা শাখাত বিভাজিত কৰা হৈছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এটা শাখা, স্নাতক পৰ্যায়ৰ বাবে দ্বিতীয় শাখা আৰু নাগৰিকসকলৰ বাবে তৃতীয়টো শাখা। প্ৰতিটো শাখাৰ বিজয়ী প্ৰতিযোগী সকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ’ব।

Comments (0)
Add Comment